মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে বড়ো জনগোষ্ঠীৰ স্বাভিমানক সন্মান জনোৱাৰ পৰিপ্ৰেক্ষিতত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গণত ইউবিপিঅ’ (বিটিএডিক বাদ দি অসমৰ ২১ জিলাৰ বড়ো জনগোষ্ঠীয়মূলৰ অন্যতম সংগঠন) কেন্দ্ৰীয় সমিতিৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীকে ধৰি ২১ খন জিলাৰ ৰাজ্যিক বিষয়ববীয়া আৰু জিলা সভাপতিসকলক ধৰি প্ৰায় ৭০০ জন বড়ো জনগোষ্ঠীমূলৰ সদস্যই আমাৰ দলত যোগদান কৰে৷
তাৰোপৰি বিপিএফ দলৰ পৰাও ৫০ জন বড়ো জনগোষ্ঠীমূলৰ সদস্যই যোগদান কৰে৷








