“মহিলা সৱলীকৰণ কৰিবলৈ হ’লে প্ৰথমতে নিজ নিজ ঘৰতেই কন্যা সৱলীকৰণ কৰক”

“মহিলা সৱলীকৰণ কৰিবলৈ হ’লে প্ৰথমতে নিজ নিজ ঘৰতেই কন্যা সৱলীকৰণ কৰক” আজি ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকোঁ। মাতৃ, পত্নী, ভগ্নী, বন্ধু তথা প্ৰকৃতি স্বৰূপা নাৰী শক্তিৰ সমুখত যুগে যুগে পৰাজিত হৈ আহিছে অসূয়া- অমংগল। মমতাময়ী নাৰীৰ স্নেহত গঢ় লয় সমাজ-সংস্কৃতি। সেয়েহে প্ৰতি গৰাকী আমাৰ সমাজৰ আৰ্দশ, সন্মানৰ আৰু আদৰৰ। উল্লেখ্য যে মহিলা সৱলীকৰণ কৰিবলৈ হ’লে প্ৰথমতে নিজ নিজ ঘৰতেই কন্যা সৱলীকৰণ কৰাটো অত্যন্ত আৱশ্যক৷ কন্যা হোৱা বাবেই অভিভাৱক সকলে বিভিন্ন কথা বা কামত বাধা দিয়া আমি দেখা পাওঁ৷ “তুমি ছোৱালী এইটো নকৰিবা, সেইটো নকৰিবা৷” যাৰ ফলস্বৰূপে কন্যাগৰাকী বিভিন্ন জ্ঞান আৰু শিক্ষাৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হয়৷ এনেধৰণৰ নিষেধাজ্ঞা প্ৰতি গৰাকী অভিভাৱক সকলে ঘৰৰ পৰাই নোহোৱা কৰিব লাগিব৷ তেতিয়া হে প্ৰকৃত অৰ্থত মহিলা সৱলীকৰণ হ’ব। মই প্ৰতি গৰাকী কন্যা সন্তানৰ অভিভাৱককে নিজ নিজ কন্যা সন্তানক কোনো ক্ষেত্ৰতে বাধা আৰোপ নকৰি শিক্ষা, সংস্কৃতি, ক্ৰীড়া,ৰাজনীতি সকলোতে আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা প্ৰদান কৰি গুৰুত্বপূৰ্ণ ভূমিকা ল’বৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ।

আনহাতে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিয়ে মহিলা সকলৰ বাবে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ সংৰক্ষণ বিচাৰি আহিছে যদিও অনান্য ৰাজনৈতিক দল সমূহে এই ক্ষেত্ৰত কোনো আগ্ৰহ আৰু আন্তৰিকতা প্ৰকাশ নকৰাৰ বাবে এই কাম সম্ভৱপৰ হৈ উঠা নাই। আশা কৰিম অনাগত দিনত অনান্য ৰাজনৈতিক দলেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব।

ভাৰতীয় জনতা পাৰ্টি,মহিলা মৰ্চা, অসম প্ৰদেশৰ মঞ্চত খনত নাৰী সৱলীকৰণৰ বাবে, নাৰী শক্তি একত্ৰে লৈ ৰাইজৰ সেৱাৰ্থে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ নাৰী সমাজে ৰাজনৈতিকভাৱে, সামাজিকভাৱে সচেতনতাৰে নিৰন্তৰ কাম কৰি আহিছে।

অনাগত দিনটো মই আশা কৰিছোঁ ৰাজনৈতিক সচেতনতাৰে, দ্বায়বদ্ধতাৰে “সেৱাই সংগঠন” মূল মন্ত্ৰৰে মহিলা মৰ্চাই ৰাইজৰ বাবে সেৱা আগবঢ়াই যাব।

আজিৰ এই অনুষ্ঠানত মোৰ উপৰিও উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা, উপ-সভাপতি পুলক গোহাঁই, উপ-সভানেত্ৰী ড° হেমপ্ৰভা বৰঠাকুৰ , ফনীন্দ্ৰ নাথ শৰ্মা, মৰাণৰ বিধায়ক চক্ৰ গগৈ, বিধায়িকা আঙুৰলতা ডেকা, নৱনীতা সন্দিকৈ আৰু দলীয় কাৰ্যকৰ্তাসকল৷