“পৰিষদীয় বিটিচি নিৰ্বাচনৰ লগে লগে ‘২১ ৰ বিধানসভা নিৰ্বাচনলৈ কোকৰাঝাৰৰ কাৰ্যকৰ্তাসকল সাজু হ’বলৈ আহ্বান”

“পৰিষদীয় বিটিচি নিৰ্বাচনৰ লগে লগে ‘২১ ৰ বিধানসভা নিৰ্বাচনলৈ কোকৰাঝাৰৰ কাৰ্যকৰ্তাসকল সাজু হ’বলৈ আহ্বান”

কোকৰাঝাৰ জিলা অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ প্ৰাকমুহূৰ্তত আজি কোকৰাঝাৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা জিলা কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰোঁ৷ সভাত আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যকৰ্তাসকলক সম্পূৰ্ণৰূপে সাজু হ’বলৈ আহ্বান জনোৱাৰ লগত আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ’বলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনাওঁ৷ দলীয় কাৰ্যকৰ্তাৰ উৎসাহ উদ্দীপনাত মই বহুত আনন্দিত হৈছো৷ কোকৰাঝাৰ জিলাৰ সমূহ কাৰ্যকৰ্তাক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

আজিৰ এই সভাত মোৰ সহিতে উপস্থিত থাকে সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, কোকৰাঝাৰ জিলা সভাপতি তথা সাধাৰণ সম্পাদককে ধৰি জিলা বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল৷