আজি কোকৰাঝাৰ জিলাত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰোঁ।

ভাৰতীয় জনতা পাৰ্টিয়ে সদায় নানা জাতি, নানা ভাষাৰে বৰণীয়া সংস্কৃতিৰ বৰঘৰটি অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা কৰি আহিছে। আমাৰ সাতামপুৰুষীয়া ঐতিহ্য, পৰম্পৰাৰ প্ৰতি সদায় সন্মান আৰু আন্তৰিকতা প্ৰকাশ কৰি আহিছে আমাৰ দল আৰু চৰকাৰে।

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন সৰু- বৰ জাতি-জনগোষ্ঠীক সম মৰ্যাদা প্ৰদান আৰু সেই জাতি- জনগোষ্ঠী সমূহৰ ঐতিহ্য-পৰম্পৰাক ধৰি ৰখাৰ বাবে, তেখেতসকলৰ সমস্যা সমাধান আৰু প্ৰগতিৰ বাবে ভিন্ন সময়ত দূৰদৰ্শী চিন্তাৰে বহু আঁচনি গ্ৰহণ কৰি আহিছে।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশেও সকলো জাতি- জনগোষ্ঠীক একত্ৰে লৈ অসমীয়া জাতিটোক অধিক শক্তিশালী কৰাৰ বাবে নিৰন্তৰ কাম কৰি আছে আৰু থাকিব।

অসমৰ বুকুত বাস কৰা খিলঞ্জীয়া প্ৰতিগৰাকী ভাই- ভনী সুৰক্ষিত ভৱিষ্যতৰ বাবে, প্ৰগতিৰ বাবে কাম কৰি অহা আমাৰ দল আৰু চৰকাৰ অনাগত দিনটো সেৱা মনোভাবৰে কাম কৰি যাবলৈ বদ্ধপৰিকৰ।

সন্মানীয় অনুসূচিত জনজাতি মৰ্চা কাৰ্যকৰ্তা তথা কোকৰাঝাৰ জিলা কাৰ্যকৰ্তা বন্ধু- বান্ধবী সকলক সমাগত পৰিষদীয় নিৰ্বাচনৰ লগতে অনাগত ২১ বিধানসভা নিৰ্বাচনৰ বাবে সাঁজু হ’বৰ বাবে অনুৰোধ জনাইছোঁ।
সকলোকে “সেৱাই সংগঠন” মুল মন্ত্ৰৰে দেশ, ৰাজ্য তথা দলৰ বাবে সেৱা আগবঢ়াই যাবলৈ অনুৰোধ জনালোঁ।
আজিৰ সভাত মোৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, কোকৰাঝাৰ জিলা সভাপতি বিভূতি বৰগয়াৰী, ৰাজ্যিক উপ-সভাপতি ৰতন টেৰণ, অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি হৰেন দেউৰী, সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপু ৰঞ্জন মাৰ্কাৰী, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী, বিশিষ্ট সমাজকৰ্মী মিহিনেশ্বৰ বসুমতাৰী আৰু ডিমাছা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা৷