গোকুল পাঠক দেৱৰ জন্মদিনত বৰপেটা সত্ৰৰ ইতিহাসৰ নৱম সংস্কৰণ প্ৰকাশ

লোক – সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ, সাধক, আজীৱন শিল্পী, সাহিত্যিক, “বৰপেটা ৰত্ন” গোকুল পাঠক দেৱৰ আজি জন্মদিনত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷
জীৱনৰ বিয়লি বেলালৈ সমাজ- সংস্কৃতিৰ বিষয়ত সাধনা অব্যাহত ৰখা লোক- কৃষ্টিৰ সাধক গৰাকীৰ সপোন পূৰণ কৰাৰ প্ৰয়াস কৰিম বুলি আমি তেখেতক কথা দিছিলো৷ বৰপেটা সত্ৰৰ বুৰঞ্জী প্ৰণেতা গৰাকীয়ে শয্যাগত সময়ত প্ৰকাশ কৰা আগ্ৰহমৰ্মে বৰপেটা সত্ৰৰ ইতিহাসৰ নৱম সংস্কৰণ প্ৰকাশৰ দ্বায়িত্ব আমি লৈছিলো৷
আমি অতিকৈ সুখী হৈছো যে তেখেতক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিলো৷ আজি পাঠকদেৱৰ জন্মদিনত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই বৰপেটা সত্ৰৰ ইতিহাসৰ নৱম সংস্কৰণটি প্ৰকাশ কৰি ৰাইজৰ মাজলৈ মুকলি কৰিছোঁ৷