যোৰহাট তাৰকা গৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলা সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ৷

আজি যোৰহাট তাৰকা গৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলা সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ৷

শৈক্ষিক চহৰ যোৰহাটৰ কাৰ্যকৰ্তা বন্ধুসকলৰ দলৰ প্ৰতি আত্মীয়তা তথা কৰ্মস্পৃহা দেখি মই অভিভূত হোৱাৰ লগতে মই নিশ্চিত হৈছো যে আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে মিত্ৰদলৰ সহযোগত যোৰহাট জিলাৰ যোৰহাট, মৰিয়ণী, তিতাবৰ, দেৰগাঁও আৰু টীয়ক এই ৫ টা সমষ্টিত আমি অতি সহজেইে জয় লাভ কৰিবলৈ সক্ষম হ’ম৷
সভাত কাৰ্যকৰ্তা সকলৰ সৈতে আগন্তুক নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন আলোচনা কৰাৰ উপৰিও আভ্যন্তৰীণ দিশসমূহৰ ওপৰত আলোকপাত কৰোঁ৷

আজিৰ সাংগঠনিক সভাত মোৰ সহিতে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক উপ-সভাপতি পুলক গোহাঁই, সাংসদ তথা সাধাৰণ সম্পাদক ড° ৰাজদ্বীপ ৰায় আৰু ৰাজ্যিক মুখপাত্ৰ তথা যোৰহাট জিলাৰ প্ৰভাৰী সুৰঞ্জন দত্ত ৷