মঙ্গলদৈ মনপুৰ গাঁৱত মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে কাতি বিহু উপলক্ষে বন্তি প্ৰজ্বলন কৰোঁ
“তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে”
আজি বাপতিসাহোন “কাতি বিহু”। অসমীয়া চহা- জীৱনক কৃষ্টিৰে আৱৰি ৰখা “কাতি বিহু”
অসমীয়া কৃষিজীৱি মানুহৰ সাহ৷ ৰং ৰইচৰ উৎসৱ নহ’লেও অসমীয়া গণজীৱনৰ আশা- আকাংক্ষাৰ বাটক যেন মুকলি কৰে “কাতি বিহু” য়ে ।
“কাতি বিহু” উপলক্ষে বন্তি প্ৰজ্বলন কাৰ্যসূচীত আজি মংগলদৈ মনপুৰ গাঁৱত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে মই উপস্থিত থাকো৷ স্থানীয় ৰাইজ আৰু সতীৰ্থসকলৰ লগত বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা জনাওঁ।
আশা কৰিছোঁ পৃথিৱীৰ পৰা সকলো অমংগল দূৰ হৈ সুখ আৰু সমৃদ্ধিয়ে বসতি কৰক চৌপাশে। কৃষিজীৱি অসমীয়া ৰাইজৰ মংগল হওঁক, খেতি পথাৰ শইচৰে সোণোৱালী হওঁক, চোতাল আৰু ভঁৰাল উপচি পৰক শইচৰে। প্ৰতিজনেই সু-স্বাস্থ্যৰ অধিকাৰী হওঁক।
আজিৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত মন্ত্ৰী ভৱেশ কলিতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা সহিতে স্থানীয় বিধায়কসকলো উপস্থিত থাকে৷








