আজি মংগলদৈত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জাতি মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকোঁ।

আজি মংগলদৈত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জাতি মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকোঁ। সতীৰ্থ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰি তথা তেখেতসকলৰ উৎসাহে মোক যথেষ্ট সাহস আৰু অনুপ্ৰেৰণা দিলে।

ভাৰতীয় জনতা পাৰ্টিয়ে সদায় দেশৰ বুকুত বাস কৰা নানা জাতি, নানা ভাষাৰে বৰণীয়া সংস্কৃতিৰ বৰঘৰটি অধিক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা কৰি আহিছে। সকলো জাতি, সকলো ভাষা- ভাষীৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষা, সন্মানৰ বাবে সদায় আমাৰ দল আৰু চৰকাৰে কাম কৰি আহিছে আৰু অনাগত দিনটো কৰি যাব।

 

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন কাৰ্যকৰ্তা বন্ধুৱেই যাতে আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে হাতত লোৱা কল্যাণমূলক আঁচনি, পদক্ষেপৰ বিষয়ে জনগণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ কৰি জনগণ কিদৰে এই আঁচনি সমূহৰ মাজৰে উপকৃত হ’ব তাৰ প্ৰতি লক্ষ্য

ৰাখি সেৱা আগবঢ়াই যায়।

আজিৰ সভাত মোৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, উপ-সভানেত্ৰী ৰেখাৰাণী দাস বড়ো, অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নবাৰুণ মেধিৰ লগতে স্থানীয় বিধায়কসকল উপস্থিত থাকে৷