আজি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ আন্ত: গাথনি উন্নয়ণৰ বাবে CMSGUY আঁচনিৰ অধীনত ২০ লক্ষ টকাৰে নিৰ্মান হ’ব লগা প্ৰকল্পটিৰ শুভাৰম্ভণি কৰোঁ।
ক্ৰীড়া ক্ষেত্ৰখনত আমাৰ নতুন প্ৰজন্মই আন্তৰিকতাৰে আত্মনিয়োগ কৰি দেশক প্ৰতিনিধিত্বক কৰি যাওঁক। ক্ৰীড়া ক্ষেত্ৰখন শক্তিশালী কৰাৰ বাবে আৰু খেলুৱৈ সকলক সহযোগ, প্ৰেৰণা প্ৰদান কৰাৰ হেতু আমাৰ দল আৰু চৰকাৰে বিগত সময়ৰ দৰেই অনাগত সময়তো সেৱা আগবঢ়াই যাবলৈ বদ্ধপৰিকৰ।
আজিৰ এই অনুষ্ঠানত ক্ৰীড়া আৰু যুব কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ আৰু ক্ৰীড়া বিভাগৰ সঞ্চালক প্ৰধান উপস্থিত থাকে।







