আজি ৰঙিয়াত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকোঁ।

আজি ৰঙিয়াত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকোঁ। কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা তথা দলৰ কাৰ্যকৰ্তা সকলৰ উৎসাহ- উদ্দীপনাই মোক যথেষ্ট উৎসাহিত কৰিলে।

দেশৰ কৃষক সকলৰ হিতৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে সৰ্বদা ভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কৃষকৰ আয় বৃদ্ধিৰ বাবে নীতিৰ পৰিৱৰ্তন, কৃষি লোণ, আৰ্থিক সাহাৰ্যকে আদি কৰি ভিন্ন পদক্ষেপ হাতত লৈছে। সমান্তৰালভাৱে সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰেও ৰাজ্যৰ কৃষকসকলৰ উন্নয়ণৰ অৰ্থে মোদী ডাঙৰীয়াৰ পদক্ষেপ আৰু কৰ্মৰাজিক সৰোগত কৰাৰ লগতে নিজাববীয়া বহু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।

কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা সকলক মই বিশেষভাবে প্ৰতিঘৰ কৃষকৰ পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰি চৰকাৰ আৰু দলে তেওঁলোকৰ বাবে লোৱা কাৰ্যসূচীসমূহ অৱগত কৰিবলৈ অনুৰোধ জনালোঁ।

আজিৰ সভাত মোৰ উপৰিও স্থানীয় বিধায়ক তথা ৰাজ্যৰ জলসিঞ্চন তথা শিক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী ভৱেশ কলিতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, উপ-সভানেত্ৰী বিজুলী কলিতা মেধি, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, জিলা সভাপতি নন্দন তালুকদাৰ, কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰা, কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক নিবাৰণ লহকৰ উপস্থিত থাকে৷