বিধানসভা নিৰ্বাচন সমাগত ৷ হাতত আছে মাথো ১৫০ টা দিন ৷ মিছন ১০০+ ৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি যাবলৈ আহ্বান ৷

বিধানসভা নিৰ্বাচন সমাগত ৷ হাতত আছে মাথো ১৫০ টা দিন ৷ মিছন ১০০+ ৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি যাবলৈ আহ্বান ৷

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ধেমাজি জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকোঁ।

সমাগত ২০২১ বিধানসভা নিৰ্বাচনত মিছন ১০০+ ৰ বাবে হাতত থকা ১৫০টা দিনৰ ভিতৰত নিৰন্তৰভাৱে কাম কৰি যাবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে মোৰ সন্মানীয় কাৰ্যকৰ্তা বন্ধুসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷

খিলঞ্জীয়া ভূমিপু্ত্ৰ সকলৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আমাৰ দল আৰু চৰকাৰে সদায় কাম কৰি আছে। আগন্তুক ‘২১ ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বহু দল সংগঠনে একমাত্ৰ নিজা স্বাৰ্থ সিদ্ধিৰ অৰ্থে অসম তথা অসমীয়া সংস্কৃতিৰ বিপৰীত বিন্দুত অৱস্থান কৰা দেখা গৈছে। অসমীয়া জাতি, সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই অপশক্তি সমূহক আমি নাশ কৰিবই লাগিব আৰু ৰাইজৰ সহযোগত ‘২১ ৰ নিৰ্বাচনত এই শক্তি সমূহ উচিত প্ৰত্যুত্তৰ দিবই লাগিব।

মই আন্তৰিকতাৰে বিশ্বাস কৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অসমৰ ৰাইজৰ অফুৰন্ত বিশ্বাস আছে। এই বিশ্বাসক শ্ৰদ্ধা সহকাৰে লৈ আমি নিৰন্তৰ কাম কৰি যাব লাগিব।

প্ৰতিজন কাৰ্যকৰ্তাক ৰাইজৰ বিশ্বাস তথা আস্থাক শক্তি হিচাপে লৈ ৰাইজৰ সেৱাত আত্মনিয়োগ কৰিবলৈ এই মঞ্চৰ পৰাই অনুৰোধ জনালোঁ।