আজি উত্তৰ লক্ষীমপুৰ জিলা পুথিভঁৰালত পুৱা ১০:৩০বজাৰ পৰা আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টি, লক্ষীমপুৰ জিলা কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰোঁ ।

লক্ষীমপুৰ জিলাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ- উদ্দীপনাই মোক যথেষ্ট উৎসাহিত কৰিছে ।
“সেৱাই সংগঠন” মুলমন্ত্ৰক সৰোগত কৰি কাৰ্যকৰ্তাসকলক অনাগত দিনতো কাম কৰি যাবলৈ অনুৰোধ জনোৱাৰ লগতে বি জে পি নেতৃত্বাধীন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ হকে যি সমূহ আঁচনি তথা পদক্ষেপ হাতত লৈছে, সেই আঁচনি সমূহ প্ৰকৃত হিতাধিকাৰীয়ে যাতে লাভ কৰে,তাৰ বাবে কাৰ্যকৰ্তাসকলে নিজ নিজ অঞ্চলত এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছোঁ ।
অনাগত ২০২১ ৰ নিৰ্বাচনত বিজেপি+ =১০০+ৰ যি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে,লক্ষীমপুৰ জিলাত যাতে আমাৰ দলে নিৰংকুশ বিজয় লাভ কৰে তাৰ বাবে কাৰ্যকৰ্তা বন্ধুসকলক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিজনৰ কাষত থিয় হ’বলৈ আহ্বান জনাইছোঁ ।