ভাৰতীয় জনতা পাৰ্টি চকচকা ব্লক মণ্ডলৰ উদ্যোগত আয়োজিত আজিৰ যোগদান সমাৰোহত কংগ্ৰেছ, চিপিআইএম, অগপ, বিপিএফ, আছু, যুৱ ছাত্ৰ পৰিষদৰ ছয় শতাধিক কাৰ্যকৰ্তা যোগদান কৰা অনুষ্ঠানত উপস্থিত থাকি আজি পুনৰ পতিয়মান হ’ল যে সঁচাকৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ আগ্ৰহ দিনকদিনে বৃদ্ধি পাইছে৷ যিমানেই নতুন ৰাজনৈতিক দল খুলিছে সিমানেই সাধাৰণ জনতাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিহে আকৰ্ষণ বাঢ়িছে৷ তাৰেই প্ৰমাণ পালো আজি সৰভোগ কালী মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা যোগদান সমাৰোহত উপস্থিত থাকি৷

আজিৰ এই অনুষ্ঠানত দলৰ দক্ষ যুব নেতা তথা সাংসদ, নৱ নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক সম্বধৰ্না জনোৱা হয়। দলৰ ৰাষ্ট্ৰীয় নেতৃত্বত সাধাৰণ সম্পাদকৰ দৰে গুৰু দ্বায়িত্ব লাভ কৰা কৰ্মদক্ষ, সতীৰ্থ দিলীপ শইকীয়াক ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলা সমিতি আৰু সৰভোগ সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ তৰফৰ পৰা অযুত শুভেচ্ছা জ্ঞাপন কৰে৷
তেখেতৰ পৰা দলে, দেশ তথা ৰাজ্যই আৰু অধিক সেৱা আন্তৰিকতাৰে আশা কৰে।তেখেতে অধিক মনোবলৰে অনাগত দিনত সেৱা আগবঢ়াই দলক আৰু অধিক শক্তিশালী কৰিব বুলি আমি আন্তৰিকতাৰে বিশ্বাস ৰাখিছোঁ৷
আজিৰ এই অনুষ্ঠানত চিপিআইএমৰ ২০০ জন, কংগ্ৰেছৰ ৫০ জন, অগপৰ ১০০ জন, বিপিএফৰ ৫০ জন, আছুৰ ৩১ জন আৰু যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনে আমাৰ দলত যোগদান কৰে৷
আজি এই অনুষ্ঠানত যোগদান কৰা প্ৰতিগৰাকী ন কাৰ্যকৰ্তাকে দললৈ উষ্ম আদৰনি জনোৱাৰ লগতে অনাগত দিনত দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ স্বাৰ্থত তেখেত সকলক সেৱা আগবঢ়াই যাবলৈ অনুৰোধ জনোৱাৰ লগতে দলৰ নীতি- আৰ্দশক সৰোগত কৰি ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ অনুৰোধ জনালোঁ।