আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ধেমাজি জিলাৰ “চিলাপথাৰ টাউন মণ্ডল” সমিতিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ৷ সভাত কাৰ্যকৰ্তা বন্ধুসকলৰ সৈতে দলৰ সাংগঠনিক দিশ সম্পৰ্কত বিভিন্ন আলোচনা কৰোঁ।


আজিৰ এই সভাত প্ৰাক্তন অসামৰিক বিষয়া ৰাজকিশোৰ দলেৰ লগতে প্ৰায় শতাধিক পুৰুষ মহিলাই আমাৰ দলত যোগদান কৰে৷ সকলোকে দললৈ উষ্ম আদৰণি জনাইছো আৰু আগন্তুক দিনত সকলোৱে একত্ৰ হৈ সেৱাৰ মনোভাৱেৰে দলীয় স্বাৰ্থত কাম কৰি যাবলৈ মই আহ্বান জনাইছো৷
আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যি “সেৱাই সংগঠন” মুলমন্ত্ৰ, তাক সৰোগত কৰি ৰাইজৰ সেৱা নিৰন্তৰ ভাবে আগবঢ়াই যাবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে আমাৰ লক্ষ্য ১০০+ ক সফল ৰূপায়ণ কৰাৰ বাবে প্ৰতিজন কাৰ্যকৰ্তাক নিজ নিজ দ্বায়িত্ব গুৰুত্ব তথা নিষ্ঠা সহকাৰে পালন কৰিবলৈ আহ্বান জনাওঁ৷
আজি এই সভাত মোৰ লগতে উপস্থিত থাকে চিলাপথাৰ টাউন মণ্ডলৰ সভাপতি লংকেশ্বৰ দাস, ধেমাজি জিলা সভাপতি প্ৰেম দত্ত, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, যুৱ মৰ্চা সভাপতি অনুপ বৰ্মণ, এচ.টি মৰ্চাৰ সভাপতি হৰেন দেউৰী আৰু দলীয় কাৰ্যকৰ্তা বন্ধুসকল৷