আজি ঢকুৱাখানা জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰোঁ ৷ ভা জ পাৰ সাংগঠনিক জিলা ঢকুৱাখনাত মাত্ৰ এটাই বিধান সভা সমষ্টি । সমষ্টিটোত ১লাখ৩২,০০০ দলীয় সদস্য থকাৰ পাছতো আজি সন্মিলিত গণশক্তি অসম,অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ পৰা ভালেসংখ্যক লোকে বি জে পিত যোগদান কৰাত মই অত্যন্ত উৎসাহিত হৈছোঁ ।মই নিশ্চিত যে কাৰ্যকৰ্তা বন্ধু সকলে নিষ্ঠা আৰু সততাৰে কৰা কাম তথা আমাৰ দল আৰু চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক কৰ্মৰ বাবদ আমাক অসমৰ জনগণে তেখেতসকলৰ আশীৰ্বাদ,আদৰ আৰু মৰম সদায় দি যাব ।

কাৰ্যকৰ্তা বন্ধু সকলক ৰাইজৰ আশীৰ্বাদ,আদৰ আৰু মৰমক শ্ৰদ্ধাৰে লৈ ৰাইজৰ সেৱা কৰি যাবলৈ আহ্বান জনাইছোঁ । আজি মোৰ স’তে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা,ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে,যুৱমৰ্চাৰ সভাপতি অনুপ বৰ্মণ প্ৰমুখ্যে জ্যেষ্ঠ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ।






