আজি বিটিচিৰ অন্তৰ্গত বাক্সাৰ জিলা কাৰ্যালয়, মুছলপুৰত অনুষ্ঠিত হোৱা বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ৷ এই সভাত আগন্তুক বিটিচি নিৰ্বাচনত বাক্সা জিলাখনৰ প্ৰতিজন কাৰ্যকৰ্তাৰ দায়িত্ব তথা ভূমিকা সন্দৰ্ভত বিস্তাৰভাৱে পৰ্যালোচনা কৰোঁ৷ মই দেখি অতিশয় সুখী হৈছো যে বাক্সাৰ কাৰ্যকৰ্তাসকল অতি উদ্যমী আৰু আগৰণুৱা৷ তেওঁলোকৰ উৎসাহ-উদ্দীপনাত মই অতিকৈ সন্তুষ্ট৷ মই নিশ্চিত যে বাক্সা জিলাখনত আমাৰ দলৰ নিৰংকুশ বিজয় সাৱ্যস্ত হ’ব৷


আগন্তুক বিটিচিৰ নিৰ্বাচনত বিজেপি দলৰ ভেটি সুদৃঢ় কৰাৰ হেতু তথা আমাৰ লক্ষ্যত সঠিক ৰূপত উপনীত হ’বৰ বাবে আজিৰ এই বৈঠকতে সাংগঠনিক ৰণকৌশল তৈয়াৰ কৰা হয়৷
প্ৰতিজন কাৰ্যকৰ্তাই নিজৰ দায়িত্ব গুৰুত্ব সহকাৰে লৈ ৰাইজৰ সেৱা অব্যাহত ৰাখিলে ৰাইজৰ আমাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস অধিক গাঢ় হ’ব বুলি মই নিশ্চিত। প্ৰতিজন কাৰ্যকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আজিৰ এই সভাত মোৰ লগতে অসম চৰকাৰ মাননীয় মন্ত্ৰী ভৱেশ কলিতা, বাক্সা জিলাৰ সভাপতি ৰাম দাহাল, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, উপ-সভাপতি জয়ন্ত দাস, উপ-সভানেত্ৰী ৰেখাৰাণী দাস বড়ো, যুৱমৰ্চাৰ সভাপতি অনুপ বৰ্মণ আৰু জিলাখনৰ কাৰ্যকৰ্তা বন্ধুসকল উপস্থিত থাকে৷