আজি বিটিচিৰ অন্তৰ্গত চিৰাং জিলাৰ বাসুগাঁওত অনুষ্ঠিত হোৱা বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ৷


আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন কাৰ্যকৰ্তাকে গভীৰ দ্বায়িত্ববোধৰে কাম কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে এই নিৰ্বাচনত আমি কিদৰে আগবাঢ়ি ৰাইজৰ আন্তৰিকতা, বিশ্বাস অটুত ৰাখি সফল হ’ব পাৰিম এই সম্পৰ্কত কাৰ্যকৰ্তা বন্ধুসকলৰ সৈতে বিশদ ভাৱে আলোচনা কৰা হয়।
চিৰাং জিলাৰ কাৰ্যকৰ্তা সকলৰ আগ্ৰহ আৰু আন্তৰিকতাই মোক যথেষ্ট সাহস দিয়াৰ লগতে তেখেতসকলৰ উদ্যম আৰু সেৱা মনোভাৱেৰে জিলাখনত যে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি প্ৰতিদিনে অধিক শক্তিশালী হৈ গৈ আছে এই কথাক পুনৰ এবাৰ প্ৰমাণ কৰিলে।
প্ৰতিজন কাৰ্যকৰ্তাকে ৰাইজৰ লগত থাকি ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ আহ্বান জনালোঁ।
আজিৰ এই বিশেষ সাংগঠনিক সভাতে বিভিন্ন ৰাজনৈতিক তথা অ-ৰাজনৈতিক ক্ষেত্ৰৰ পৰা প্ৰায় ডেৰ শতাধিক লোকে আমাৰ দলত যোগদান কৰে৷ নতুনকৈ যোগদান কৰা সকলোকে দললৈ উষ্ম সম্ভাষণ জনোৱাৰ লগতে আগন্তুক দিনত একত্ৰিত হৈ সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনাইছো৷
আজিৰ এই সভাত মোৰ লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ভৱেশ কলিতা, চিৰাং জিলাৰ সভাপতি বিপ্লৱ দেৱনাথ, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, যুৱমৰ্চাৰ সভাপতি অনুপ বৰ্মণ আৰু ৰাজ্যিক সম্পাদক সুকুমাৰ বিশ্বাসকে আদি কৰি জিলাখনৰ প্ৰায়বিলাক কাৰ্যকৰ্তা উপস্থিত থাকে৷