ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাস, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, জিলা সভাপতি কাৰ্তিক বড়ো সহিতে কেইবাগৰাকী দলৰ ৰাজ্যিক কাৰ্যকৰ্তাৰ সৈতে আজি উপস্থিত থাকো ওদালগুৰি জিলাত অনুষ্ঠিত হোৱা দলৰ বিশেষ সাংগঠনিক সভাত। এই সভাত আগন্তুক নিৰ্বাচন সম্পৰ্কত কাৰ্যকৰ্তা বন্ধুসকলৰ লগত বিশদ ভাবে আলোচনা কৰোঁ।


দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ অপৰিসীম ত্যাগ, কষ্ট আৰু ৰাইজৰ প্ৰতি নিৰন্তৰ কৰি অহা নিঃস্বাৰ্থ সেৱাৰ বাবেই ভাৰতীয় জনতা পাৰ্টিক ৰাইজে প্ৰতি সময়তে আদৰ, চেনেহ, সহযোগ প্ৰদান কৰি আহিছে।
বিগত সময়বোৰত লোকসভা, বিধানসভা নিৰ্বাচনৰ লগতে পঞ্চায়ত, পৰিষদীয় সকলো পৰ্যায়ৰ নিৰ্বাচনতে আমাৰ দলে জয়ৰ অবিৰত ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। এই কেইটা দিনত মই বিটিচিৰ অন্তগৰ্ত ভিন্ন ঠাইত দলীয় কাৰ্যকৰ্তাৰ লগতে অন্যান্য লোকৰ সৈতে মত বিনিময় কৰি তথা ভিন্ন ক্ষেত্ৰৰ লোকৰে সংযোগ স্থাপন কৰি এটা কথা নিশ্চিত হৈছোঁ যে আগন্তুক বিটিচিৰ নিৰ্বাচনত বিজেপি দলেই জয় লাভ কৰাটো ১০০ শতাংশ নিশ্চিত।
মই ওদালগুৰি জিলাৰ কাৰ্যকৰ্তা সকলকো নিজ নিজ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাবলৈ আহ্বান জনালোঁ।
প্ৰতিজন কাৰ্যকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
Bharatiya Janata Party (BJP)
BJP Assam Pradesh