পাঁচনৈ চেৰফাং সমষ্টিৰ প্ৰথমখন সভাত অংশগ্ৰহণ কৰি অনুমান কৰিলো যে আমাৰ প্ৰাৰ্থী দীপক মৌড়ৰ বিজয় সু-নিশ্চিত


আজি পাঁচনৈ চেৰফাং সমষ্টিত বিটিচিৰ পৰিষদীয় নিৰ্বাচন উপলক্ষে ওদালগুৰি জিলা সমিতিয়ে অনুষ্ঠিত কৰা বিশাল জনসভা আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ৷ সভাত যথেষ্ট সংখ্যক ৰাইজৰ স্বতঃফুট উপস্থিতি দেখি মই আপ্লুত হ’লো৷
আজিৰ সভাই নিশ্চিত কৰে যে পাঁচনৈ চেৰফাং সমষ্টিৰ পৰাই আমাৰ জয়যাত্ৰা আৰম্ভ হ’ল৷ আৰু এই জয়যাত্ৰাৰ জৰিয়তে আগন্তুক বিটিচি নিৰ্বাচনত বিটিচি বাসীৰ মৰম আৰু আৰ্শীবাদত আমাৰ দলে চৰকাৰ গঠন কৰিব পাৰিম সেয়া নিশ্চিত ।
দলীয় কাৰ্যকৰ্তা সকলে নিৰৱিচিন্নভাৱে সেৱা আগবঢ়াই দলৰ ভেঁটি সুদৃঢ় কৰি তুলিছে৷ আজিৰ সভাত কাৰ্যকৰ্তা সকলৰ উৎসাহ তথা উদ্যম দেখি মই মুগ্ধ হৈছো৷ মই নিশ্চিত যে আহি থকা নিৰ্বাচন সমূহত আমি আমাৰ জয়ৰ ধাৰা অব্যাহত ৰাখিম।
আজি এই সভাত মোৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিত্ত-স্বাস্থ্য-শিক্ষা-লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী আৰু নেডাৰ আহ্বায়ক মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা দেৱ উপস্থিত থাকে৷