আজি দিনটোৰ দ্বিতীয়খন সভা হিচাপে ওদালগুৰি জিলাৰ ৩৫ নং মুদৈবড়ী সমষ্টিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰোঁ৷ মুদৈবড়ী সমষ্টিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাক বিজেপি দলৰ হৈ আগন্তুক বিটিচি নিৰ্বাচনত জয়যুক্ত কৰিবৰ বাবে আজিৰ এই সভাখনেই প্ৰথম পদক্ষেপ৷ বিটিচিবাসী ৰাইজৰ মৰম আৰু আৰ্শীবাদত দিগন্ত বৰুৱা সফল হ’ব বুলি মই নিশ্চিত৷


আজিৰ সভাত বিটিচিৰ ৰাইজ তথা কাৰ্যকৰ্তাসকলৰ সহায়-সহযোগ তথা উৎসাহ দেখি মই অতিকৈ আনন্দিত হৈছো৷ এই সভাৰ যোগেদিয়েই বিটিচিৰ ৰাইজে যেন ক’ব বিচাৰিছে বিজেপি দলৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাই৷
দলীয় ভেঁটি সু-দৃঢ় কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ প্ৰচেষ্টা আগবঢ়াই অহা কাৰ্যকৰ্তা বন্ধুসকলক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷আজিৰ এই সভাত মোৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম চৰকাৰ বিত্ত-স্বাস্থ্য-শিক্ষা-লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা আৰু জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ (ৰাজ্যিক) বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা উপস্থিত থাকে৷