ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাংগঠনিক ভেঁটি আৰু অধিক মজবুত কৰা লক্ষ্যৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত আজি আনুষ্ঠানিক ভাবে নিয়োগ কৰা হয় ” বিস্তাৰক”। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাংগঠনিক ভেঁটি আৰু অধিক মজবুত কৰা লক্ষ্যৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত আজি আনুষ্ঠানিক ভাবে নিয়োগ কৰা হয় ” বিস্তাৰক”।”বিস্তাৰক” নিয়োগ কৰাৰ শুভমূহুৰ্তত উত্তৰ-পূবৰ ক্ষেত্ৰীয় সাধাৰণ সম্পাদক অজয় জামাল জী, ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজদ্বীপ ৰয়, তপন গগৈ, পল্লব লোচন দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ সৈতে মই উপস্থিত থাকো।”বিস্তাৰক” নিয়োগৰ এই বৈঠকত দায়িত্ব লাভ কৰা কাৰ্যকৰ্তা বন্ধু সকলক তেখেত সকলৰ দায়িত্ব, কৰ্তব্য আৰু অনাগত সময়ৰ ৰণকৌশল তথা কৰ্ম প্ৰণালী সম্পৰ্কত বিস্তাৰিতভাৱে আলোচনা কৰা হয়।ভাৰতীয় জনতা পাৰ্টিৰ বাবে “সেৱাই সংগঠন”। প্ৰতিজন কাৰ্যকৰ্তাই আমাৰ সেৱা মনোভাৱেৰে ৰাইজৰ পক্ষত থাকি নিৰন্তৰ কাম কৰি আহিছে। মই আশাবাদী ” বিস্তাৰক” ৰ দায়িত্ব লাভ কৰা কাৰ্যকৰ্তা সকলেও গভীৰ দায়িত্ববোধৰে কাম কৰি যাব আৰু ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশক ৰাইজৰ বুকুৰ মাজত সদায় প্ৰতিষ্ঠা কৰি ৰখাৰ বাবে নিৰন্তৰ সেৱা কৰি যাব। প্ৰতিজনলৈ শুভেচ্ছা যাচিলোঁ। Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more