আজি ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত ন-মাটি আৰু ধুপগুৰি দুয়োখন সত্ৰতে “অসম দৰ্শন” আঁচনিৰ অধীনত ১০ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া জিৰণি গৃহৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ ৷
দুয়োখন সত্ৰৰ ভকত বৈষ্ণৱ সকলৰ উপস্থিতিত অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ ৷
ৰাজ্যখনৰ অপূৰ্ব-সুন্দৰ প্ৰাকৃতিক দৃশ্যৰাজি, গৌৰৱোজ্জ্বল সাংস্কৃতিক-ঐতিহাসিক-ধৰ্মীয় ঐতিহ্য, পৰম্পৰাক তুলি ধৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাজ্যৰ সোণোৱাল চৰকাৰৰ এক অভূতপূৰ্ব প্ৰয়াস “অসম দৰ্শন” । ৰাজ্য চৰকাৰৰ এই প্ৰয়াসৰ বাবে আমি প্ৰতিগৰাকী স্বাভিমানী অসমীয়াই গৌৰৱ অনুভৱ কৰা উচিত৷








