আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত ৩৩/১১ কেভি ক্ষমতাসম্পন্ন গোৱৰ্ধনা বিদ্যুৎ উপ-কেন্দ্ৰটিৰ শুভাৰম্ভ কৰি মই নথৈ আনন্দিত হ’লো৷

আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত ৩৩/১১ কেভি ক্ষমতাসম্পন্ন গোৱৰ্ধনা বিদ্যুৎ উপ-কেন্দ্ৰটিৰ শুভাৰম্ভ কৰি মই নথৈ আনন্দিত হ’লো৷ কিয়নো এই গোৱৰ্ধনা অঞ্চলটোত দীৰ্ঘদিন ধৰি বিদ্যুতৰ বহুতো সমস্যা আছিল, এই উপ-কেন্দ্ৰটো স্থাপনৰ জৰিয়তে সেই সমস্যাসমূহ দূৰ কৰিব পাৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ কিয়নো, ২০১৪ চনত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত “দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা” প্ৰৱৰ্তন কৰিছিল আৰু এই গ্ৰামজ্যোতি যোজনাৰ অধীনতেই গোৱৰ্ধনাৰ এই উপ-কেন্দ্ৰটো স্থাপন কৰিবলৈ সক্ষম হ’লো৷ইমানদিনে মোৰ মনৰ ভিতৰত সোমাই থকা দুখ এটা আজিৰ পৰা নোহোৱা হ’ল৷ এই বিদ্যুৎ উপকেন্দ্ৰটো স্থাপন কৰিবলৈ পাই আজি মই যথেষ্ট আনন্দিত হৈছো৷