আজি ভৱানীপুৰ সমষ্টিৰ মণ্ডল কাৰ্যালয় আৰু উত্তৰ ভৱানীপুৰ মণ্ডলৰ যুব এচ.টি আৰু অ’বিচি মৰ্চাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰোঁ৷ভৱানীপুৰৰ কাৰ্যকৰ্তা সকলৰ উৎসাহ-উদ্দীপনা তথা সক্ৰিয়তাই মোক অতিকৈ মুগ্ধ কৰিছে৷কাৰ্যকৰ্তাসকলৰ এই কৰ্মোদ্যমী উৎসাহ তথা সক্ৰিয়তাত মই অনুভৱ কৰিব পাৰিছো আগন্তুক ‘২১ৰ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ হাতত অৰ্পণ কৰিব৷ভৱানীপুৰৰ প্ৰতিজন কাৰ্যকৰ্তাকে মোৰ আন্তৰিক ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷এখন শক্তিশালী অসম গঢ়াৰ স্বাৰ্থত আমি সকলো জাতি- জনগোষ্ঠী এক হৈ একেলগে আগবাঢ়িবলৈ মই আহ্বান জনালোঁ।








