বজালী জিলাৰ জিলা কাৰ্যনিৰ্বাহক সভাত আজি উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে দলৰ অনাগত দিনৰ কৰ্মপন্থা, নিৰ্বাচনৰ ৰণকৌশল তথা সাংগঠনিক দিশ সম্পৰ্কত বিস্তাৰিত ভাবে আলোচনা কৰিলোঁ।


ৰাইজৰ আস্থা আৰু বিশ্বাস, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অধিক। ৰাইজৰ এই বিশ্বাস আৰু আস্থাক আমি শ্ৰদ্ধাৰে গ্ৰহণ কৰি ৰাইজৰ সেৱা নিৰন্তৰ কৰি যাব লাগিব।
কাৰ্যকৰ্তা সতীৰ্থ সকলক দ্বায়িত্ব সহকাৰে দল আৰু ৰাইজৰ সেৱা কৰি যাবলৈ আহ্বান জনাইছোঁ। মই আন্তৰিকতাৰে বিশ্বাস কৰো কাৰ্যকৰ্তা সকলৰ ত্যাগ, কষ্ট আৰু কৰ্মই ৰাইজৰ সেৱা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে সদায় সুযোগ লাভ কৰি যাব।