বিধানসভা সমষ্টি সমূহৰ তত্বাবধায়ক আৰু সংযোজক সকলৰ কৰ্মশালাত অংশগ্ৰহণ কৰি বিধানসভা সমষ্টি সমূহৰ তত্বাবধায়ক আৰু সংযোজক সকলৰ সৈতে আগন্তুক নিৰ্বাচন আৰু সাংগঠনিক দিশ সম্পৰ্কত বিশদ আলোচনা কৰোঁ।

“আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ১২৬ সমষ্টিত ১২৬ জন তত্বাবধায়ক আৰু সংযোজকক দায়িত্ব অৰ্পণ”আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি বিধানসভা সমষ্টি সমূহৰ তত্বাবধায়ক আৰু সংযোজক সকলৰ কৰ্মশালাত অংশগ্ৰহণ কৰি বিধানসভা সমষ্টি সমূহৰ তত্বাবধায়ক আৰু সংযোজক সকলৰ সৈতে আগন্তুক নিৰ্বাচন আৰু সাংগঠনিক দিশ সম্পৰ্কত বিশদ আলোচনা কৰোঁ।অনান্য কাৰ্যকৰ্তা সকলৰ দৰেই বিধান সমষ্টি সমূহৰ তত্বাবধায়ক আৰু সংযোজক সকলৰ দায়িত্ব অপৰিসীম। তেখেতসকলৰ সেৱা আৰু ত্যাগে দলক শক্তিশালী কৰাত অন্যতম ভূমিকা ল’ব। ৰাইজৰ কাষলৈ আমাৰ দলক লৈ যোৱাৰ অন্যতম সেঁতু হ’ব লাগিব তত্বাবধায়ক আৰু সংযোজক সকল।

আজিৰ এই অনুষ্ঠানত মোৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, উত্তৰ-পূবৰ ক্ষেত্ৰীয় সম্পাদক অজয় জামোৱাল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক তপন গগৈ, পল্লবলোচন দাস আৰু ডাঃ ৰাজদ্বীপ ৰয় উপস্থিত থাকে।