সময়ৰ সৈতে খোজ মিলাই ভাৰতীয় জনতা পাৰ্টিয়েও সামাজিক মাধ্যমক ৰাইজৰ সেৱা কৰা এটি অন্যতম শক্তিশালী মাধ্যম হিচাপে লৈ আগবাঢ়িছে।

সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমৰ প্ৰভাৱ অপৰিসীম। সময়ৰ সৈতে খোজ মিলাই ভাৰতীয় জনতা পাৰ্টিয়েও সামাজিক মাধ্যমক ৰাইজৰ সেৱা কৰা এটি অন্যতম শক্তিশালী মাধ্যম হিচাপে লৈ আগবাঢ়িছে। ৰাইজৰ অভাৱ-অভিযোগ অথবা বিভিন্ন কাম-কাজ বিশেষকৈ কভিড-১৯ ৰ অতি ভয়াবহ সময়খিনিত আমি সামাজিক মাধ্যম যোগেই ৰাইজৰ কাষত থাকিব পাৰিছিলোঁ তথা দলৰ অনান্য কৰ্মসূচী আগবঢ়াই নিব পাৰিছিলোঁ।আজি দলৰ “সামাজিক মাধ্যম কোষৰ” কৰ্মশালাত উপস্থিত থাকি সামাজিক মাধ্যম যোগে আমাৰ দলক ৰাইজৰ মাজত শক্তিশালী ভাবে প্ৰতিষ্ঠা কৰি ৰাইজৰ সেৱা কৰাৰ বাবে ” সামাজিক মাধ্যম কোষৰ” দায়িত্বত থকা কাৰ্যকৰ্তা সকলক কৃতজ্ঞতা জনোৱাৰ লগতে আগন্তুক ‘২১ ৰ নিৰ্বাচনৰ বাবে তেখেতসকলৰ সৈতে আলোচনা কৰোঁ।এইবেলি নিৰ্বাচনত সামাজিক মাধ্যমৰ দায়িত্ব আৰু প্ৰভাৱ বিগত সময়তকৈ অধিক হ’ব। সেয়েহে দলৰ এই দায়িত্বত থকা কাৰ্যকৰ্তা সতীৰ্থ সকলক দায়িত্ব সহকাৰে, নিষ্ঠাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছোঁ।আজিৰ এই অনুষ্ঠানত মোৰ লগতে উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, উত্তৰ পূৱৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামোৱাল, ৰাজ্যিক উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা৷