“জাতীয়তাবাদী শিৱিৰৰ প্ৰায় ১ সহস্ৰাধিক নেতা-কৰ্মীৰ যোগদানে জাতি-মাটি-ভেটিৰ সেনানীক আৰু অধিক সক্ৰিয়তা প্ৰদান কৰিব”বিজেপি দলে সদায় অসম তথা অসমীয়াৰ হিতৰ বাবে কাম কৰি আহিছে৷ খিলঞ্জীয়াৰ সুৰক্ষাৰ লগতে জাতি-মাটি-ভেঁটিৰ সুৰক্ষাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিয়ে আপোচবিহীনভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সেয়েহে জাতীয়তাবাদী শিৱিৰৰ পৰা বৃহৎ সংখ্যক প্ৰাক্তন আছু নেতা-কৰ্মীয়ে বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰে৷ আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন জিলাৰে পৰা প্ৰায় সহস্ৰাধিক প্ৰাক্তন আছুৰ নেতা-কৰ্মীয়ে আমাৰ দলত যোগদান কৰে৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ বিভিন্ন বিষয়ববীয়াকে প্ৰমুখ্য কৰি জিলা সমিতিৰ বহু বিষয়ববীয়াই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গণত আনুষ্ঠানিকভাৱে যোগদান কৰে৷


এই কথা সৰ্বজনবিদিত যে ৰাজ্যিক বিজেপি দলত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অহা বহু বাঘা বাঘা ব্যক্তিয়ে আজি শাসনৰ বাঘজৰী ধৰি আছে৷ সেয়েহে পুনৰবাৰ আছুৰ দৰে জাতীয়তাবাদী সংগঠনৰ নেতা-কৰ্মী আমাৰ দলত যোগদান কৰাটো অতিকৈ সুখবৰ৷ জাতি-মাটি-ভেঁটিৰ সুৰক্ষাৰ স্বাৰ্থত সদা সক্ৰিয় হৈ থকা ভাৰতীয় জনতা পাৰ্টিৰ সেনানীৰ সৈতে আজি যোগদান কৰা জাতীয়তাবাদী সেনানীয়ে নতুন উদ্যমেৰে জোঁৱাৰ তুলিব বুলি মই আশাবাদী৷
অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠানটি অধিক সাফল্যমণ্ডিত কৰি তোলাত আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
আজি নতুনকৈ যোগদান কৰা কাৰ্যকৰ্তাসকলক মই দললৈ উষ্ম আদৰণি জনাইছো৷ সকলোকে অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰাৰ লগতে আহ্বান জনাইছো অনাগত দিনত সক্ৰিয়তাৰে কাম কৰি যাবলৈ৷