আগন্তুক বি.টি.চি. পৰিষদীয় নিৰ্বাচনৰ ৩ নং শ্ৰীৰামপুৰ (অ-জনজাতি) সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী সঞ্জীৱ দত্তক উৎসাহ যোগাবৰ বাবে এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ৷ সভাত শ্ৰীৰামপুৰ (অ-জনজাতি) সমষ্টিৰ বৃহত্তৰ উন্নয়ণৰ স্বাৰ্থত ৰাইজক সঞ্জীৱ দত্ত ডাঙৰীয়াক আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত তেওঁলোকৰ বহুমূলীয়া ভোটটি দি জয়যুক্ত কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে জাতিৰ স্বাৰ্থত এআইইউডিএফ সমৰ্থিত কংগ্ৰেছৰ প্ৰাৰ্থীজনক এটাও ভোট নিদিবলৈ মই সমূহ ৰাইজক আহ্বান জনাইছো৷
আজিৰ সভাত উপস্থিত ৰাইজৰ উৎসাহ-উদ্দীপনাত মই নিশ্চিত যে দত্ত ডাঙৰীয়াই ৰাইজৰ মৰম আৰু আৰ্শীবাদত জয়লাভ কৰিবলৈ সক্ষম হ’ব৷








