কোকৰাঝাৰ জিলাৰ বিভিন্ন অৰাজনৈতিক সংগঠনৰ নেতৃত্বৰ সৈতে আজি এক আলোচনাত মিলিত হৈ তেখেতসকলৰ বিভিন্ন অভাৱ- অভিযোগৰ বুজ লওঁ।অনাগত সময়ত বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি জয়ী হৈ কিদৰে বিটিচি ৰাইজৰ অভাৱ-অভিযোগ সমূহ দূৰ কৰি ৰাইজৰ সেৱা তথা বিটিচি অঞ্চলৰ প্ৰগতিৰ বাবে আগবাঢ়িম এই সম্পৰ্কত বিস্তাৰিতভাৱে আলোচনা কৰাৰ লগতে সংগঠনসমূহৰ পৰা দিহা পৰামৰ্শও লওঁ।অনাগত সময়ত আমাৰ দলে চৰকাৰ গঠনৰ পিছতেই অতি ক্ষীপ্ৰতাৰে ৰাইজৰ অভাৱ- অভিযোগ সমূহ দূৰ কৰাৰ চেষ্টা কৰিব।আজি আলোচনাত ভাগ লোৱা অৰাজনৈতিক সংগঠনৰ বিষয়ববীয়া, সদস্যসকলক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।






