আজি কোকৰাঝাৰ জিলাৰ ছালাকাটি এম.ই স্কুল খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা ১২ নং ছালাকাটি (জনজাতীয় সমষ্টি) ৰ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰোঁ৷ সভাত মোৰ সহিতে উপস্থিত থাকে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু কোকৰাঝাৰ জিলা সভাপতি বিভূতি বৰগয়াৰী৷১২ নং ছালাকাটি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী “শ্ৰীমতী কবিতা বসুমতাৰী”ৰ জয় প্ৰায় নিশ্চিত৷ কিয়নো বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিসমূহ ইতিমধ্যেই সকলো স্তৰৰ ৰাইজৰ মাজত সোমাই পৰিছে৷ যাৰফলত সৰ্বসাধাৰণ ৰাইজে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে অন্য বিকল্প নিবিচাৰে৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন পৰিৱৰ্তনকামী তথা উন্নয়ণশীল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন এতিয়া ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিছে৷আমাৰ কোকৰাঝাৰ জিলাত আমি ৫ গৰাকী প্ৰাৰ্থী আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে আগবঢ়াইছো৷ আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীক আমি সমৰ্থন জনাইছো৷ সেইসকলৰ ভিতৰত ছালাকাটি সমষ্টিত আমি মহিলা প্ৰাৰ্থী “শ্ৰীমতী কবিতা বসুমতাৰী”ক প্ৰক্ষেপ কৰিছোঁ৷ ৰাইজক মই আহ্বান জনাওঁ যে কবিতা বসুমতাৰীক জয়লাভ কৰাই দিয়ক, দলে তেখেতক মহিলা প্ৰাৰ্থী হিচাপে সন্মান জনাই আগন্তুক দিনত EM (Executive Member) হিচাপে নিযুক্তি দিব বুলি আজিৰ এই মঞ্চতেই মই প্ৰতিশ্ৰুতি দিছোঁ৷








