আজি চিৰাং জিলাৰ মানাস চেৰফাং সমষ্টিৰ প্ৰাৰ্থী “শ্ৰীযুত শিৱনাথ ব্ৰহ্ম” দেৱৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ হেতু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ৷আমাৰ লক্ষ্য আৰু উদ্দেশ্যই হৈছে আগন্তুক নিৰ্বাচনত প্ৰতিটো সমষ্টিতে আমাৰ দলৰ প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত কৰা৷ ইয়াৰ বাবে আমি সকলো কাৰ্যকৰ্তাই অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব৷ আৰু সেইয়া মই সভাত উপস্থিত হৈ নিজেই প্ৰত্যক্ষ কৰিছো৷মানাস চেৰফাং সমষ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা যথেষ্ট অত্যুৎসাহী তথা উদ্যমী৷ মই নিশ্চিত যে আগন্তুক নিৰ্বাচনত এই সমষ্টিত আমাৰ দলে বিজয় সাৱ্যস্ত কৰিব৷ যিহেতু আমাৰ দল এতিয়া ৰাইজৰ আৱেগ সেয়েহে মই ৰাইজৰ মৰম তথা আৰ্শীবাদ পাম বুলি আশাবাদী৷








