বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ হেতু আমাৰ দলৰ প্ৰাৰ্থী “শ্ৰীযুত অৰ্জুণ দৈমাৰী”ৰ হৈ খালিং দুৱাৰৰ এক বিশাল জনসভা সম্বোধন কৰোঁ। এই সভাত মোৰ উপৰিও ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকে৷এই জনসভা সম্বোধন কৰি এটা কথা নিশ্চিত হৈছোঁ যে অনাগত বিটিচি নিৰ্বাচনত ৰাইজে বিজেপি দলৰ প্ৰাৰ্থীক বিজয়ী কৰি শাসনৰ ভাৰ অৰ্পন কৰিবলৈ ইতিমধ্যেই সিদ্ধান্ত লৈছে।ৰাইজৰ অপাৰ সহযোগ, আন্তৰিকতাই মোক মুগ্ধ কৰাৰ লগতে মই নিশ্চিত হৈছো যে এই অঞ্চল সমূহত কাৰ্যকৰ্তা বন্ধু সকলৰ অপৰিসীম কষ্টই ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি দিনক দিনে শক্তিশালী কৰিবলৈ সক্ষম হৈছে।








