“গোৰেশ্বৰত ১৫ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত জনসভা সম্বোধন”আগন্তুক বিটিচি নিৰ্বাচনত গোৰেশ্বৰ সমষ্টিৰ আমাৰ দলৰ প্ৰাৰ্থী “শ্ৰীযুত গজেন্দ্ৰ বড়ো”ৰ হৈ ১৫ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এক নিৰ্বাচনী জনসভা সম্বোধন কৰোঁ। এই জনসভাত মোৰ সহিতে উপস্থিত আছিল ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম চৰকাৰ বিত্ত-স্বাস্থ্য-শিক্ষা-লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা আৰু জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ (ৰাজ্যিক) বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷জনসভাত ৰাইজৰ, উপস্থিতি, সহযোগিতাই আমাক আমাৰ দলৰ নিশ্চিত বিজয়ৰ বিশ্বাস দিছে।বিটিচি অঞ্চলত প্ৰগতিৰ ন দিগন্তৰ জোৱাৰ আনিবলৈ ইতিমধ্যই আমাৰ দল সম্পূৰ্ণ সাঁজু৷ বিটিচিৰ পৰিষদীয় এই নিৰ্বাচন আমাৰ দলে শাসন ভাৰ লোৱাৰ পিছতেই বিটিচি অঞ্চলৰ ৰাইজক সৰ্বতোপ্ৰকাৰৰ অধিকাৰ অৰ্পণ কৰি তেখেত সকলক সুৰক্ষিত, সৰল আৰু স্বাভিমানৰে ভৰা জীৱন নিৰ্বাহৰ পৰিবেশ দিবলৈ আমাৰ দল দৃঢ়প্ৰতিজ্ঞ।








