কোকৰাঝাৰ জিলাৰ সৰাইবিল সমষ্টিৰ কাৰ্যকৰ্তা আৰু জনসাধাৰণৰ উৎসাহ-উদ্দীপনা দেখি মই নিশ্চিত হৈছো যে আগন্তুক নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ’ব

“কোকৰাঝাৰ জিলাৰ সৰাইবিল সমষ্টিৰ কাৰ্যকৰ্তা আৰু জনসাধাৰণৰ উৎসাহ-উদ্দীপনা দেখি মই নিশ্চিত হৈছো যে আগন্তুক নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ’ব ৷”কোকৰাঝাৰ জিলাৰ সৰাইবিলত আজি বিটিচি পৰিষদীয় নিৰ্বাচন উপলক্ষে আমাৰ দলৰ প্ৰাৰ্থী “উলিয়াম নাৰ্জাৰী”ৰ হৈ বিশাল জনসভা সম্বোধন কৰোঁ । এই সভাত মোৰ সহিতে অসম চৰকাৰৰ বিত্ত-স্বাস্থ্য-শিক্ষা-লোক নিৰ্মাণ বিভাগৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকে৷ৰাইজৰ আদৰ, মৰম আৰু সহযোগ দেখি যথেষ্ট সন্তোষ লভিছোঁ । বিটিচিৰ ৰাইজে অফুৰন্ত সহযোগ আৰু আশীষ প্ৰদানৰে আগন্তুক বিটিচিৰ শাসনভাৰ আমাৰ দলক দিয়াটো যে সিদ্ধান্ত লৈছে এই কথা নিৰ্বাচনী প্ৰচাৰ কালত অনুষ্ঠিত বিভিন্ন সভা সমিতি সমূহত ৰাইজৰ উদ্যম, সহযোগিতাই ইতিমধ্যেই প্ৰমাণ কৰিছে ৷বিটিচিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ণ আৰু ৰাইজক শান্তি আৰু সমৃদ্ধিৰ এটি পৰিবেশ দিবলৈ ভাৰতীয় জনতা পাৰ্টি বদ্ধপৰিকৰ।