১৯৭৭ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘলৈ মোক আকৃষ্ট কৰা মুল ব্যক্তিজনেই আছিল প্ৰয়াত মহেশ মেধি ডাঙৰীয়া ৷ মেধি ডাঙৰীয়া সেই সময়ৰ অবিভক্ত কামৰূপ জিলাৰ প্ৰচাৰক আছিল ৷ সেইগৰাকী ব্যক্তিৰ তত্বাৱধানতেই বৰপেটা ৰোডত ১৯৭৯ চনত আমি নিয়মীয়া ভাৱে শাখাত উপস্থিত আছিলো ৷ পিছলৈ তেখেতৰ সৈতে গোটেই জীৱনটো এক ঘৰুৱা সু-সম্পৰ্ক ৰক্ষা কৰি আছিলো ৷ আজি কিছুদিন আগতে তেখেতৰ শাৰীৰিক অসুস্থতাৰ খবৰ পাই মই তেখেতৰ বাসগৃহত উপস্থিত হৈ খা-খবৰ লৈছিলো৷ কিন্তু নিয়তিৰ নিষ্ঠুৰ হাতোৰাই আজি তেখেতক আমাৰ মাজৰ পৰা আঁতৰাই নিয়াৰ বাতৰি পাই শোকত ম্ৰিয়মান হৈ পৰিছো ৷তেখেতৰ পূণ্য আত্মাক মোৰ গভীৰ শ্ৰদ্ধা জনাইছো ৷ ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো যাতে তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰে৷ লগতে তেখেতৰ পৰিয়াল বৰ্গ তথা আত্মীয়-কুটুমলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷






