নলবাৰী জিলাত ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ সাংগঠনিক সভাত আজি উপস্থিত থাকি, দলৰ কাৰ্যকৰ্তা সতীৰ্থসকলৰ সৈতে দলৰ সাংগঠনিক দিশ আৰু আগন্তুক নিৰ্বাচন সম্পৰ্কত আলোচনা কৰোঁ ।

নলবাৰী জিলাত তিনিটা সমষ্টিত যি দলৰে বিধায়ক সৰ্বাধিক জয় লাভ কৰে সেইদলেই পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ দৃষ্টান্ত আমি দেখি আহিছো ৷ যোৱাবাৰো ভাৰতীয় জনতা পাৰ্টিৰ তিনিজন বিধায়কে জয় লাভ কৰিছিল আৰু চৰকাৰ গঠন কৰিছিল ৷ পূৰ্বতেও অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰো নলবাৰীৰ পৰা সৰ্বাধিক বিধায়কে জয়লাভ কৰাৰ পিছত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ৷ সেয়েহে পূৰ্বৰ উদাহৰণ অনুসাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ তিনিজন বিধায়ক জয়যুক্ত হ’ব ফলস্বৰূপে বিজেপি দলেই চৰকাৰ গঠন কৰিব ৷

নলবাৰী জিলাত ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ সাংগঠনিক সভাত আজি উপস্থিত থাকি, দলৰ কাৰ্যকৰ্তা সতীৰ্থসকলৰ সৈতে দলৰ সাংগঠনিক দিশ আৰু আগন্তুক নিৰ্বাচন সম্পৰ্কত আলোচনা কৰোঁ ।

#নিৰ্বাচনলৈ_সম্ভৱতঃ ১৩৮ দিন বাকী আছে । আমাৰ যি বিজেপি+= ১০০+ ৰ লক্ষ্য স্থিৰ কৰা হৈছে, সেই লক্ষ্যত উপনীত হ’বৰ বাবে দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই অতি নিষ্ঠাৰে নিজ নিজ দায়িত্ব পালন কৰাৰ সময় সমাগত ।

আজিৰ এই সভাত মোৰ সৈতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা, সাংসদ কুইন ওজা, বিধায়ক অশোক শৰ্মা, নাৰায়ন ডেকা আৰু জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ উপস্থিত থাকে ৷