ভাৰতীয় জনতা পাৰ্টিৰ নৱ-নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ মাননীয় শ্রী দিলীপ শইকীয়া দেৱে আজি দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সদৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে ৷

ভাৰতীয় জনতা পাৰ্টিৰ নৱ-নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ মাননীয় শ্রী দিলীপ শইকীয়া দেৱে আজি দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সদৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে ৷ এই শুভ মুহূৰ্তত উপস্থিত থাকি মই যথেষ্ট আনন্দিত হোৱাৰ লগতে গৌৰৱ অনুভৱ কৰিছো ৷ অসমৰে এজন সতীৰ্থই ৰাষ্ট্ৰীয় পৰ্যায়ত সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ অসমৰ বাবে সন্মান কঢ়িয়াই আনিছে ৷ তেখেতক মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

উত্তৰ-পূৱ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামৱাল ডাঙৰীয়া আৰু অসম তথা ত্ৰিপুৰা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাইও দিলীপ শইকীয়া দেৱৰ এই গৌৰৱপূৰ্ণ মুহূৰ্তত উপস্থিত থাকি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷