আজি ৰাষ্ট্ৰীয় সভাপতি মাননীয় জেপি নড্ডা ডাঙৰীয়াৰ বাসগৃহত আগন্তুক ২০২১ ৰ নিৰ্বাচন সন্দৰ্ভত এক বিশদ পৰ্যালোচনা হয়৷

আজি ৰাষ্ট্ৰীয় সভাপতি মাননীয় জেপি নড্ডা ডাঙৰীয়াৰ বাসগৃহত আগন্তুক ২০২১ ৰ নিৰ্বাচন সন্দৰ্ভত এক বিশদ পৰ্যালোচনা হয়৷ উক্ত পৰ্যালোচনা সভাত ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বিএল সন্তোষ ডাঙৰীয়া, অসমৰ তত্বাৱধায়ক বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মই, নেড্ডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, উত্তৰ-পূৱ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামৱাল ডাঙৰীয়া আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত ৰাজনৈতিক পৰিক্ৰমা, অসমৰ উন্নয়ণ, সামগ্ৰিক পৰিৱেশ পৰিস্থিতি আদি বিভিন্ন বিষয়ৰ ওপৰত প্ৰায় আঢ়ৈ ঘন্টা সময় বিস্তৃতভাৱে আলোচনা কৰা হয় ৷