লোক নিৰ্মান প্ৰশিক্ষণ কেন্দ্ৰ, গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ” অৰ্থনৈতিক কোষ” ৰ বিশেষ সাংগঠনিক সভাত আজি অংশ লৈ সাম্প্ৰতিক সময়ৰ অৰ্থনীতি আৰু অনাগত সময়ত অৰ্থনীতিৰ ভেটি সৱল কৰিবলৈ আমাৰ কৰণীয় দিশ সম্পৰ্কত আলোচনা কৰোঁ।অৰ্থনীতিৰ ভেটি সৱল নকৰাকৈ এখন দেশ বা ৰাজ্য প্ৰগতিৰ বাটত সক্ষমকৈ খোজ দিব নোৱাৰে। অৰ্থনীতিৰ ভেটি মজবুত কেৱল এখন চৰকাৰে কৰিব নোৱাৰে। সাধাৰণ ৰাইজৰ সহযোগ, আত্মনিৰ্ভৰ হোৱাৰ প্ৰবল ইচ্ছা আৰু কৰ্মইহে এখন ৰাজ্য বা দেশৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব পাৰে।সেয়েহে আমাৰ দলৰ অৰ্থনৈতিক কোষৰ দায়িত্বত থকা কাৰ্যকৰ্তা সহিতে সমূহ কাৰ্যকৰ্তা সতীৰ্থ সকলক আহ্বান জনাওঁ যে নিজৰ কৰ্ম নিপুনতা, নিজা প্ৰতিভা, চিন্তা- চৰ্চাৰে সকলোৱে যেন আত্মনিৰ্ভৰ হোৱাৰ প্ৰয়াস কৰি নিজ নিজ পচন্দৰ কৰ্মত আত্মনিয়োগ কৰি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰক আৰু আন লোককো এই ক্ষেত্ৰতে অনুপ্ৰেৰণা দিয়ক।