আজি বাক্সা জিলাৰ কুমাৰীকটাত অনুষ্ঠিত হোৱা বিশাল জনসভা আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷ সভাত বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতি আৰু দলীয় কাৰ্যকৰ্তাসকলৰ পাৰভঙা উৎসাহ-উদ্দীপনাই মোৰ বাৰুকৈয়ে প্ৰভাৱিত কৰে ৷
আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰ্দশ আৰু আমাৰ দলৰ চৰকাৰে গ্ৰহণ কৰা উন্নয়ণ, প্ৰগতিৰ দৃষ্টান্তমূলক পদক্ষেপৰ প্ৰতি আগ্ৰহী আৰু আৰ্কষিত হৈ মোৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু অসম চৰকাৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ উপস্থিতিত বিপিএফ দলৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিপিএফ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীসহ বিপিএফ দলৰ সহস্ৰাধিক সদস্যৰ বিজেপি দলত যোগদান কৰে ৷ বিপিএফ দলৰ সদস্যৰ যোগদানে আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত আমাৰ দলৰ সাংগঠনিক ভেঁটি আৰু অধিক শক্তিশালী কৰি তুলিলে ৷
বিপিএফ দলৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে বিপিএফৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল মুছাহাৰীক দলত আকোৱালি লৈ মই অনুভৱ কৰিছো যে মিছিং, তিৱা, ৰাভা আদি সকলো জনগোষ্ঠীতে আমাৰ দলৰ প্ৰতিনিধি আছে ৷ কিছুদিন আগলৈকে বড়ো জনগোষ্ঠীত আমাৰ দলৰ প্ৰতিনিধি নাছিল কিন্তু আজি তেখেতসকলৰ যোগদানে আমাৰ সেই অভাৱ দূৰ কৰিলে ৷ আগন্তুক দিনত অকল মুছাহাৰীয়েই নহয় মুঠ ১২ গৰাকী প্ৰতিনিধিয়ে বিটিএডি অঞ্চলক ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰতিনিধিত্ব কৰিব আৰু ৰাইজৰ আৰ্শীবাদ শিৰত লৈ বিধায়ক হিচাপে জয়লাভ কৰি ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পিছত চৰকাৰ গঠন কৰিব বুলি মই নিশ্চিত ৷








