বিটিচিৰ নিৰ্বাচন সমাগত। নিৰ্বাচনী ব্যস্ততাৰ মাজতে বিটিচিৰ মহিলা কাৰ্যকৰ্তা সকলৰ এটি কৰ্মই মোক অতিকৈ আচৰিত আৰু সন্তুষ্টি প্ৰদান কৰিলে ৷ বিটিচিৰ আমাৰ দলৰ উদ্যমী, সাহসী কেইগৰাকীমান মহিলা কাৰ্যকৰ্তাই দলৰ স্বাভিমান “দলীয় পতাকা” নিজ হাতৰে, জখলাত উঠি অতি সাহসৰে গছত ওলমাই দল আৰু আমাক সকলোকে সন্তুষ্টি প্ৰদান কৰাৰ লগতে অফুৰন্ত সাহস, অনুপ্ৰেৰণাৰ দৃষ্টান্ত দেখুৱাইছে।
কাৰ্যকৰ্তা কেইগৰাকীৰ উদ্যম, সাহসক মোৰ শত শত নমস্কাৰ। আপোনাসৱৰ দলৰ প্ৰতি থকা এই সেৱা মনোভাবেই আমাৰ দলক আনতকৈ সদায় অনন্য কৰি ৰাখিছে।
মই নিশ্চিত দলীয় কাৰ্যকৰ্তা সকলৰ ত্যাগ আৰু অপৰিসীম কষ্টই আমাৰ দলে ৰাইজৰ আশীষত এইবাৰ বিটিচিৰ শাসন ভাৰ লাভ কৰিব।






