আজি ভাৰতীয় জনতা পাৰ্টিৰ বিটিচিৰ নিৰ্বাচনী ইস্তেহাৰ আনুষ্ঠানিকভাৱে মুকলি কৰোঁ।আমি ইতিপূৰ্বে বিটিচি নিৰ্বাচনৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন সভা সমিতিসমূহত ৰাইজক অৱগত কৰিছোঁ যে- আগন্তুক দিনত বিটিচিৰ শাসন আমাৰ দলক ৰাইজে অৰ্পন কৰাৰ পাছতেই অতি ক্ষীপ্ৰতাৰে বিটিচি অঞ্চলৰ ৰাইজৰ অভাৱ- অভিযোগ দূৰ কৰি বিটিচি অঞ্চলৰ প্ৰগতিৰ বাবে সৰ্বতোপ্ৰকাৰৰ উন্নয়ণমূলক কাম কৰিবলৈ আমি বদ্ধপৰিকৰ।জনতা জনাদৰ্নে বিপুল সংখ্যক ভোটৰে বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ দলৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ পাছতেই আমি আপোনাসৱৰ প্ৰগতি, শান্তি, সম্প্ৰীতিৰে গঢ়া এটি পৰিবেশৰ হকে সেৱা কৰিবলৈ সম্পূৰ্ণৰূপে সাঁজু।







