বিটিচি নিৰ্বাচনৰ #বাগানপাৰা সমষ্টি বিজেপি দলৰ প্ৰাৰ্থী #আৰতি_বৰদলৈৰ হৈ প্ৰচাৰ কৰাৰ হেতু আজিৰ দিনটোৰ দ্বিতীয়খন ৰাজহুৱা জনসভা সম্বোধন কৰোঁ। সভাত মোৰ লগত প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী দেৱ, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু দলীয় বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ভাৰতীয় জনতা পাৰ্টি বিটিচিৰ সৰ্বাংগীন উন্নতিৰ বাবে সম্পূৰ্ণ ৰূপে সাঁজু হৈ উঠিছে। আবাল- বৃদ্ধ- বনিতা সকলোকে একেলগে লৈ আমি বিটিচিত এখন সুস্থ সৱল আৰু শক্তিশালী চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছোঁ। ৰাইজৰ আশীষ শিৰত লৈ আমি অনাগত সময়ত অতি ক্ষীপ্ৰতাৰে যোৱা দীৰ্ঘ সময় নোহোৱা বহু উন্নয়ণমূলক কাম কৰিবলৈ ৰাইজক ইতিমধ্যেই প্ৰতিশ্ৰুতি দিছোঁ।বিজেপিয়ে বিটিচিত যি একক ভাৱে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে তাত বাগানপাৰা সমষ্টি এক উল্লেখনীয় শক্তি হৈ থাকিব বুলি আজিৰ সভাই নিশ্চিতি প্ৰদান কৰিছে।








