নেডাৰ আহ্বায়ক মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা দেৱ, প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰী দেৱ আৰু ৰাজ্যিক সাধাৰণ সম্পাদক ড° ৰাজদ্বীপ ৰয়, জিলা সভাপতিসকল আৰু ৰাইজৰ সন্মুখত ধৰ্মনাৰায়ণ দাস ডাঙৰীয়াক ইএম ঘোষণা কৰোঁ ৷

বিটিচি নিৰ্বাচনৰ হেতু আজিৰ দিনটোৰ তৃতীয়খন ৰাজহুৱা প্ৰচাৰ সভা নাগ্ৰীজুলিত সম্বোধন কৰোঁ ৷ সন্মানীয় দাস ডাঙৰীয়া প্ৰথম পুৰ্বোত্তৰ এমচিএলএ আছিল৷ বিটিচিত পদুম ফুলাৰ আচল মানুহজনেই আছিল ধৰ্ম নাৰায়ণ দাস ৷ সেয়েহে আজি সভাত নেডাৰ আহ্বায়ক মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা দেৱ, প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰী দেৱ আৰু ৰাজ্যিক সাধাৰণ সম্পাদক ড° ৰাজদ্বীপ ৰয়, জিলা সভাপতিসকল আৰু ৰাইজৰ সন্মুখত ধৰ্মনাৰায়ণ দাস ডাঙৰীয়াক ইএম ঘোষণা কৰোঁ ৷

নাগ্ৰীজুলিৰ ৰাইজে ধৰ্মনাৰায়ণ দাসক বিপুল ভোটত জয়ী কৰাবলৈ ইতিমধ্যেই সংকল্প লৈছে এই কথাৰ প্ৰমাণ দিলে অনুষ্ঠিত জন সভাখনত ৰাইজৰ উৎসাহ-উদ্দীপনা আৰু উদ্যমেৰে কৰা অংশগ্ৰহণে ৷