অসমৰ প্ৰতিটো বুথতে মাননীয় বুথৰ সভাপতি সকলে “বুথ কি বাত” অনুষ্ঠান সফল কৰাৰ বাবে তেখেতসকলক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

অসমৰ প্ৰতিটো বুথতে মাননীয় বুথৰ সভাপতি সকলে “বুথ কি বাত” অনুষ্ঠান সফল কৰাৰ বাবে তেখেতসকলক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

” বুথ কি বাত” ধাৰণাটি এটি নতুন ধাৰণা তথা পদক্ষেপ। আজি অনুষ্ঠিত হোৱা এই বুথৰ সভা সমূহ আছিল প্ৰাৰম্ভিক। আগন্তুক ২০২১ৰ নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত সময়ে সময়ে এনেকৈ “বুথ কি বাত” অনুষ্ঠানৰ মাজেৰে আমি আমাৰ সংগঠনৰ বহু কাম আগুৱাই নিব লাগিব। আমি সকলোৱে জ্ঞাত যে ভাৰতীয় জনতা পাৰ্টিৰ “বুথ” সমূহেই হৈছে মুল চালিকা শক্তি। “বুথ” সমূহ সক্ৰিয় হৈ থকা মানেই আমাৰ দল সিমানেই সক্ৰিয় আৰু শক্তিশালী হৈ থাকিব।

আজিৰ এই ” বুথ কি বাত” অনুষ্ঠানত উপস্থিত থকা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহিতে আমাৰ দলৰ সন্মানীয় মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক, জিলাকে আদি কৰি সমূহ কাৰ্যকৰ্তাকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠান সফল কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

আশা কৰিছোঁ অনাগত দিনত সকলোৱে বুথক শক্তিশালী কৰাত সহযোগিতা আগবঢ়াই যাব।