আজি মথনগুৰি সমষ্টিৰ অন্তৰ্গত মাজৰ গাওঁত গৌতম দাসৰ হৈ আজি প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিশাল নিৰ্বাচনী সভা সম্বোধন কৰোঁ । এই ৰাজহুৱা জনসভাত ৯০ শতাংশ মহিলাৰ উপস্থিতিয়ে মোক আচৰিত কৰাৰ লগতে যথেষ্ট সাহসো প্ৰদান কৰিলে ।আমি জ্ঞাত যে য’ত মহিলা শক্তি একত্ৰিত হৈ থাকে তাত কোনো ধৰণৰ শক্তিয়েই পৰাভূত কৰিব নোৱাৰে । সেয়েহে মথনগুৰি সমষ্টিত গৌতম দাসৰ বিজয় নিশ্চিত ।আজিৰ এই সভাত মোৰ উপৰিও বৰপেটাৰ বিধায়ক মাননীয় গুণীন চন্দ্ৰ দাস ডাঙৰীয়া উপস্থিত থাকে ৷








