ভক্তিৰসৰ মধুৰ সমন্বয়ৰে অনুষ্ঠিত হৈ অহা ২৭ সংখ্যক ঐতিহ্যমণ্ডিত পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ ভাগি আজি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰোঁ।

ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা মৰ্ত্যত হোৱা কৰ্মৰাজিক কলাত্মক ভাৱে ৰাস মহোৎসৱত উপস্থাপন কৰা হয়। শ্ৰীকৃষ্ণৰ তাত্তিক ৰসেৰে সমৃদ্ধ কথা বস্তুক আত্মাৰ পৰা পৰমাত্মালৈ, দৈনিক জীৱনৰ পৰা আধ্যাত্মিকতালৈ কৰ্ম আৰু প্ৰবৃত্তিক হৃদয়ে হৃদয়ে স্থাপন কৰাৰ এটি মহৎ প্ৰয়াসেই হ’ল “ৰাস মহোৎসৱ”।ভক্তিৰসৰ মধুৰ সমন্বয়ৰে অনুষ্ঠিত হৈ অহা ২৭ সংখ্যক ঐতিহ্যমণ্ডিত পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ ভাগি আজি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰোঁ।ভক্তপ্ৰাণ ৰাইজৰ আন্তৰিকতা, উদ্যম আৰু শিল্প মনবোৰে জ্যােৎস্না প্লাৱিত এই সময়খিনিয়ে হৃদয় জুৰাই যোৱা এটি ন অভিজ্ঞতা দিলে।ৰাস মহোৎসৱৰ সৈতে জড়িত সকলো কলা-কুশলীক মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ লগতে এই মঞ্চৰ পৰা সমূহ অসমবাসী পৱিত্ৰ ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।