আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ আৰতি_বৰদলৈৰ হৈ বিশাল ৰাজহুৱা জনসভা সম্বোধন কৰোঁ।

আজি বিটিচিৰ অন্তৰ্গত #বাগানপাৰাত আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ #আৰতি_বৰদলৈৰ হৈ বিশাল ৰাজহুৱা জনসভা সম্বোধন কৰোঁ। জনতা জনাৰ্দনৰ মৰম আৰু আৰ্শীবাদ আমাৰ লগত আছে ৷ সেয়েহে মই নিশ্চিত হৈ আছো আৰতি বৰদলৈৰ বিজয়ক লৈ ৷এই জনসভাত উপস্থিত ৰাইজৰ আন্তৰিক সহযোগ আৰু পাৰ ভঙা উচাহে সভাখন সফল কৰিলে। বিটিচিৰ প্ৰতিখন জনসভাতে প্ৰচাৰ অভিযানৰ সময়ত আমি লাভ কৰা ৰাইজৰ অফুৰন্ত মৰমে আমাক মুগ্ধ কৰি অহাৰ লগতে দুগুন উৎসাহৰে কাম কৰিবলৈ প্ৰেৰণা দিছে।আজি এই জনসভাত মোৰ উপৰিও ৰাজ্যসভাৰ সাংসদ মাননীয় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আৰু প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰে ৷