১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈকে সুদীৰ্ঘ দিনধৰি চলা বড়োলেণ্ড আন্দোলনৰ অন্যতম কান্দাৰী তথা গুৰি ধৰোতা, সদৌ বড়ো ছাত্ৰ সন্থাৰ সেইসময়ৰ সভাপতি প্ৰয়াত উপেন্দ্ৰ নাথ ব্ৰহ্ম দেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ ৷

বহু আগৰ পৰাই মোৰ আন্তৰিক ইচ্ছা আছিলে যে প্ৰয়াত ব্ৰহ্ম দেৱৰ গৃহলৈ আহি তেখেতৰ পৰিয়ালবৰ্গ তথা আত্মীয় স্বজনক দেখা দি এষাৰ মাত দিয়াৰ ৷ আজি তেখেতসকলৰ সৈতে কিছু অন্তৰংগ আলাপ মিলিত হওঁ ৷ আৰু বহুদিনীয়া হেঁপাহ এটা আজি পূৰণ হোৱাত যথেষ্ট সুখ অনুভৱ কৰোঁ ৷